09/14/2021 - 13:08
in
বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰালীমাৰি গাঁৱত যোৱা বৃহস্পতিবাৰে ভূ-মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল পাঁচ গৰাকীকৈ বয়োজ্যেষ্ঠ মহিলা। নুৰুল আমিন আৰু মোহাম্মদ আলীৰ নেতৃত্বত অহা এটি গুণ্ডাবাহিনীৰ দলে হাতে হাতে চোকা অস্ত্ৰ লৈ মাটি দখলৰ চেষ্টাৰে চলাই গৈছিল আক্ৰমণ।
আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল, ক্ৰমে আনোৱাৰা খাতুন, ৰুকীয়া খাতুন, মজিদা খাতুন, ৰাবিয়া খাতুন আৰু ৰেজিয়া খাতুনৰ নামৰ পাঁচ গৰাকীকৈ বয়োজ্যেষ্ঠ মহিলা। জানিব পৰা মতে, মহিলাসকলে নিজৰ নামত থকা মাটি দৰাত সিদিনা ভূই ৰুবলৈ গৈছিল।
তাতেই, পূৰ্ব পৰিকল্পিতভাৱে ভূ-মাফিয়াৰ দলে দলবদ্ধভাৱে আক্ৰমণ কৰে এইসকল অসহায় মহিলাৰ ওপৰত। আৰু আক্ৰমণ কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাই জুৰীয়া আৰক্ষী থানাত সাতজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু বৰ্তমান পলাতক হৈ আছে ভূ-মাফিয়া নুৰুল আমিনৰ লগতে তেওঁৰ সহযোগীসকল।
আজি সংবাদ মাধ্যমৰ আগত বৰালীমাৰি গাঁৱৰ ৰাইজে উক্ত ঘটনাৰ দুখ প্ৰকাশ কৰি অতি শীঘ্ৰে এই ভূ-মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা প্ৰশাসনক দাবী জনাই।