স্বচ্ছ ভাৰত অভিযানক বৃদ্ধাংগুষ্ঠ গোগামুখত: ফুটুকাৰ ফেনত পৰিণত প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান

 06/01/2019 - 14:51

গোগামুখ: প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান মিচন আচঁনি সমগ্ৰ দেশজুৰি চলি থকা পৰিলক্ষিত হৈছে। কিন্তু তাৰ বিপৰীত প্ৰতিচ্ছৱিহে দেখা পোৱা গৈছে ধেমাজি জিলাৰ গোগামুখত। জিলাখনৰ ভিতৰতে সৰ্ববৃহৎ ব্যৱসায়ী বাণিজ্য স্থল ৰূপে চিহ্নিত হোৱা গোগামুখ নগৰখন এতিয়া গেলা পচা জাৱৰৰ দমে পুতি পেলাইছে, লগতে ডাঙৰ ডাঙৰ খালৰো সৃষ্টি হৈছে। এজাক বৰষুণ দিলেই ভূঁই ৰোপন কৰাৰ উপযোগী হৈ পৰিছে বৰ্তমান গোগামুখ নগৰখন।

দৈনিক হাজাৰ হাজাৰ লোকে ভীৰ কৰা গোগামুখ দৈনিক বজাৰৰ সন্মুখতে ব্যৱসায়ীসকলে জাৱৰ পেলাই এক অস্বাস্থ্যকৰ পৰিবেশ গঢ়ি তোলা পৰিলক্ষিত হৈছে। ধেমাজি ৰোড, লখিমপুৰ ৰোড, ঢকুৱাখনা আৰু গেৰুকামুখ ৰোডত এতিয়া ৰাস্তাৰ কাষেদি জনসাধাৰণে গেলা দুৰ্গন্ধত অহা যোৱা কৰাটোও টান হৈ পৰিছে। দীৰ্ঘদিন ধৰি পৰি থকা জাৱৰৰ দ'ম আজি পৰ্যন্ত চাফা নকৰিলে বজাৰ পৰিচালনা সমিতিয়ে।

ইফালে প্ৰশাসনেও এই সন্দৰ্ভত বিশেষ ভূমিকা পালন কৰা দেখা নগ'ল। বিভিন্ন দ'ল সংগঠনসমূহো এই সন্দৰ্ভত নিমাত হৈ থকা পৰিলক্ষিত হৈছে। প্ৰধান মন্ত্ৰীৰ অভিলাষী আঁচনিখনে কিয় গোগামুখত স্থান পোৱা নাই সেইয়াহে এই মূহূৰ্তত লক্ষণীয়। উল্লেখ্য যে বিগত সময়চোৱাত প্ৰশাসন অথবা বজাৰ পৰিচালনা সমিতিয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়াহে এই মূহূৰ্ত্তত ডাঙৰ প্ৰশ্ন?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।