09/19/2021 - 14:07
in
গৌৰীপুৰঃ ধৰ্ম নিৰপেক্ষ দেশ এখনত গণতান্ত্ৰিক চৰকাৰৰ বৈষ্যমমুূলক আচৰণে ক্ষুদ্ধ কৰি তুলিছে জনগনক। তেত্ৰিছখন জিলাৰ ভিতৰত ২৭ খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰে যদিও ৬খন জিলাক বাদ পেলোৱা ঘটনা বিজেপি চৰকাৰৰ বাবে তীব্ৰ নিন্দাজনক।
উল্লেখ্য যে, ৰাজ্যখনৰ উপ-নিৰ্বাচনৰ ললিপপ হিচাপে ধৰ্মীয় সংখ্যালঘূ অধ্যুষিত জিলাসমূহক বাদ দি টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা কাৰ্য্যই অকল মুছলমানেই নহয় হিন্দু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী সকলোও বঞ্চিত হবলগীয়া কাৰ্য্যৰ বিৰুদ্ধে পৰ্বতঝোৰা জিলা আমছুৱে আজি দেবীতোলাত মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰে।
যি বিলাক জিলাত ক’ভিডৰ ভয়াৱহতা যথেষ্ট বেছি সেইসমূহ জিলা বাদ দিয়া নাই। কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ স্বভাৱ সুলভ মন্তব্যই বাৰু কৈ লজ্জানত পেলাইছে অসম বাসীক।