09/20/2021 - 12:48
in
মাজুলীঃ মাজুলীৰ দক্ষিণপাট কলিতা গাঁৱৰ ৰঞ্জিত বৰা নামৰ লোকজন যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। অতি দৰিদ্ৰ পৰিয়ালৰ অমায়িক ৰঞ্জিত বৰা নিৰুদ্দেশ হোৱাত এতিয়া পৰিয়ালৰ লগতে গাঁওবাসীও শোকত প্ৰিয়মান হোৱা পৰিলক্ষিত হৈছে। মাতৃ, পত্নী আৰু ৪ বছৰীয়া এটি কন্যা সন্তান আছে নিৰুদ্দেশ ৰঞ্জিতৰ পৰিয়ালত।
উল্লেখযোগ্য যে মুন দুৱৰা নামৰ দক্ষিণপাট পুৰণি সত্ৰৰ এজন লোকৰ পৰা নিৰুদ্দেশ হৈ থকা ৰঞ্জিত বৰাই ধাৰ লৈ নিজৰ চিকিৎসাৰ বাবে খৰচ কৰিছিল। কিন্তু যোৱা ১৫ ছেপ্টেম্বৰৰ দিনা ধৃত মুন দুৱৰাই ৰঞ্জিত বৰাক নিজ ঘৰতে আহি দাবী ধমক দি থৈ গৈছিল।
পত্নী তথা ৰঞ্জিতৰ মাতৃৰ ভাষ্য অনুসৰি ধৃত মুন দুৱৰাই ১৬ ছেপ্টেম্বৰৰ দিনা দিনৰ ১০ বজাত ধাৰলৈ অনা টকা ঘুৰাই দিব নোৱাৰিলে বেলেগ ব্যৱস্থা ল'ব বুলি ধমকি দি গৈছিল।
ইতিমধ্যে আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰা হৈছে যদিও কোনোধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। আনহাতে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী নিৰুদ্দেশ হৈ থকা ৰঞ্জিত বৰা অবিহনে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটোৰ।