জামুগুৰিহাটৰ ১নং বৰদিকৰাইত এটা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

 09/20/2021 - 14:03
 
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ১ নং বৰদিকৰাইত আজি এটা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰে ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে৷
 
সোমবাৰে পুৱতি নিশা প্ৰায় তিনি মান বজাত ১ নং বৰদিকৰাই নিবাসী সন্তোষ পৌড়েলে প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে অঞ্চলটোৰ এখন বিলৰ পাৰত এটা বিৰল প্ৰজাতিৰ কাছ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সহযোগত কাছটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
 
তাৰপিছত প্ৰকৃতিপ্ৰেমী সন্তোষে জামুগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মাক ফোনযোগে খৱৰ দিয়াত সাংবাদিক চন্দনে ততাতৈয়াকৈ দিপলোঙা বনাঞ্চলিক বিষয়াক অৱগত কৰে আৰু বন বিভাগৰ লোক আহি এক নং বৰদিকৰাই নিবাসী সন্তোষ পৌড়েলৰ ঘৰত উপস্থিত হয়। স্থানীয় ৰাইজৰ সহযোগত সন্তোষে উদ্ধাৰ কৰা বিৰল প্ৰজাতিৰ কাছটো দিপলোঙা বন বিষয়াক চমজাই দিয়ে।
 
জামুগুৰিহাটৰ এক নং বৰদিকৰাই অঞ্চলৰ পৰা দিপলোঙা বনাঞ্চলিক বিষয়াই আজি বিৰল প্ৰজাতিৰ কাছটো চমজি লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।