ৰঙাপৰা: জম্মু কাশ্মীৰত ৰঙাপৰাৰ এগৰাকী যুৱতী উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জম্মু কাশ্মীৰৰ লাল চৌক থানাৰ অন্তৰ্গত মগৰবাদত উদ্ধাৰ কৰা যুৱতীগৰাকী ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত সোনাবিল গাঁওৰ বিৰু কন্দৰ ১৯ বছৰীয়া জীয়েক ৰূপা কন্দ বুলি পৰিয়ালৰ সূত্রে জানিব পৰা গৈছে। ৰূপা কন্দই সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে উলোবাৰি গাঁৱত নিজৰ বায়েকৰ ঘৰলৈ যাওঁতে বাটত টংলা নিবাসী বুলি পৰিচয় দিয়া ৰাহুল কুৰ্মীৰ লগত যুৱতীগৰাকীৰ পৰিচয় হয়।
তাৰ দুমাহমান পাছত আকৌ যুৱতীগৰাকীয়ে বায়েকৰ ঘৰলৈ যাওঁ বুলি ৰাহুল কুৰ্মীৰ সৈতে বিয়া হ'ম বুলি পলাই যায়। কিন্তু বিয়া কৰাম বুলি প্ৰলোভন দি ৰাহুল কুৰ্মীয়ে যুৱতীগৰাকীক দিল্লীলৈ লৈ যায় আৰু দিল্লীৰ ৰকবিন নগৰত মানুহ এঘৰত চমজাই দিয়ে। ৩ সপ্তাহ পাছত নিজকে ৰাহুলৰ বায়েক বুলি পৰিচয় দিয়া মহিলা এগৰাকীয়ে আকৌ যুৱতীগৰাকীক মানুহ ঘৰৰ পৰা লৈ আনি নিজৰ লগত ৰাখে।
পাছদিনা মহিলাগৰাকীয়ে আকৌ যুৱতীগৰাকীক অচিনাকি লৰা এজনৰ সৈতে জম্মু কাশ্মীৰলৈ প্ৰেৰণ কৰে। জম্মু কাশ্মীৰত মগৰবাদ অঞ্চলত এঘৰত যুৱতীগৰাকীয়ে কাম কৰা ছোৱালীৰূপে কাম কৰি থাকোতে সুযোগ বুজি ঘৰৰ মালিকৰ ফোনেৰে ৰঙাপৰাৰ নিজৰ পিতৃ গৃহত যোগাযোগ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ সবিশেষ জানিব পৰি যুৱতীগৰাকীৰ পিতৃয়ে ৰঙাপৰা আৰক্ষী থানাত সবিশেষ অবগত কৰে। ছোৱালীজনীৰ বিষয়ে সম্ভেদ পাই ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলিপ বৰাই ভাৰতীয় দণ্ডবিধিৰ ৩৬৬(A) ৫৪/১৯ নম্বৰত কেছ ৰজু কৰি ৰঙাপৰা আৰক্ষী থানাৰ উপপৰিদৰ্শক ভাইটি আহমেদৰ নেতৃত্বত এটি আৰক্ষীৰ দল জম্মু কাশ্মীৰলৈ প্ৰেৰণ কৰে। উপপৰিদৰ্শক ভাইটি আহমেদে যুৱতীগৰাকীৰ পিতৃৰ সৈতে এটি আৰক্ষী দল লৈ জম্মু কাশ্মীৰলৈ গৈ যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
অপহৃত যুৱতীগৰাকী উদ্ধাৰ হোৱাত ৰাইজে আনন্দ প্ৰকাশ কৰিছে যদিও অঞ্চলটোত সঘনাই হৈ থকা নাৰী সৰবৰাহৰ ঘটনাত ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে।