09/22/2021 - 15:54
in
ডুমডুমাঃ চাহ-বাগিচাসমূহত প্ৰায়ে দেখা দিয়া পোক-পতংগই চাহ উৎপাদনত প্ৰচুৰ পৰিমাণে ক্ষতি কৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ খেতিয়ক সকলে বাগিচাসমূহত প্ৰকৃতিৰ ক্ষতিকাৰক ৰূপে বিবেচিত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিবলৈ বাধ্য হয়|
কিন্তু প্ৰথমবাৰৰ বাবে তিনিচুকীয়া জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এক অভিনৱ পদ্ধতি অৱলম্বন কৰিবলৈ আগবাঢ়িছে যাতে প্ৰকৃতিৰ ক্ষতি নোহোৱাকৈ চাহ বাগিচাৰ ক্ষতিকাৰক পোক-পতংগৰ পৰা পৰিত্ৰাণ পাব পাৰি|
সেইমতে সন্থাই জিলাখনৰ চাহ-বাগিচাসমূহত চৰাই-চিৰিকটিয়ে খোৱা ফল-মূলৰ বৃক্ষ ৰোপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে ফল-মূল খাবলৈ আহি চৰাই-চিৰিকটিয়ে চাহ-বাগিচাৰ ক্ষতিকাৰক পোক-পতংগও ভক্ষন কৰিব পাৰে| সন্থাই জানিবলৈ দিয়ামতে এই সিদ্ধান্ত অনুসৰি ২৬ চেপ্টেম্বৰ তাৰিখৰ ভিতৰত জিলাখনৰ ক্ষুদ্ৰ চাহ-বাগিচাসমূহত ৬০ হাজাৰ ফল-মুলৰ বৃক্ষ ৰোপন কৰিব|
চাহ খেতিয়কৰ এই অভিনৱ প্ৰচেষ্টা কিমান ফলপ্ৰসূ হব সেইয়া সময়ে কব যদিও সন্থাই প্ৰকৃতিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যৰ সলনি প্ৰকৃতিৰ সহায়তে চাহ উৎপাদনৰ চিন্তা-চৰ্চা কৰা কাৰ্য্যক প্ৰকৃতিপ্ৰেমী সকলে শলাগ লৈছে|