09/23/2021 - 13:01
in
শালবাৰীঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বাক্সাৰ লাৱদাংগুৰী পথাৰত বন্যহস্তীৰ উপদ্ৰপ। মানাহৰ পৰা ওলাই অহা বন্যহস্তীয়ে খাই তহিলং কৰিলে ধান খেতি। নিশা হ’লেই ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলটোলৈ ওলাই আহে বন্যহস্তী। একেদৰে যোৱানিশাও কেইবাটাও বন্যহস্তী আহি অঞ্চলটোৰ ধানখেতি খাই কৰিলে তহিলং। বন্যহস্তী অহাৰ উমান পাই ৰাইজে হাতে হাতে জুই লৈ, ফটকা ফুটাই বন্যহস্তী খেদাৰ চেষ্টা চলায় ৰাইজে।
কিন্তু প্ৰতিদিনেই এনেদৰে বন্যহস্তীৰ উপদ্ৰপৰ বাবে পথাৰত পহৰাৰ ব্যৱস্থা কৰিছে যদিও ৰোধ কৰিব পৰা নাই বন্যহস্তীৰ উপদ্ৰপ। উল্লেখ্য যে পূৰ্বেও অঞ্চলটোত বন্যহস্তী উপদ্ৰপ চলাই কেইবাটাও বাসগৃহ ভাঙি তহিলং কৰিছিল। ইমানৰ পিছতো বনবিভাগে বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ভুক্তভোগী কৃষকৰ।