ধলপুৰৰ অমানৱীয় উচ্ছেদ বন্ধ আৰু উচ্ছেদিত পৰিয়ালসমূহৰ সম্পূৰ্ণ পুনঃসংস্থাপনৰ দাবীত গণ বিক্ষোভ এবিএমছুৰ

 09/24/2021 - 18:46
 
 
গৌৰীপুৰঃ দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰ গৰুখুটীত উচ্ছেদৰ নামত তিনিজনকৈ লোকক আৰক্ষীয়ে গুলিয়াই হত্যা কৰা আৰু মৃতদেহৰ ওপৰত জপিয়াই পৰা প্ৰশাসনৰ ফটোগ্ৰাফ গৰাকীৰ বিৰুদ্ধে সদৌ বিটিছি সংখ্যালঘু ছাত্ৰ ইউনিয়নে গন বিক্ষোভ পালন কৰে৷
 
সংগঠনটোৱে আৰক্ষীৰ গুলিত নিহত পৰিয়ালক বিশ লাখ টকা ক্ষতিপূৰণ দিয়াৰ লগতে অসম চৰকাৰ ওচৰত বিভিন্ন দাবীৰে আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হয়৷ হিমন্ত বিশ্ব মূৰ্দাবাদ, বিজেপি চৰকাৰ গ’বেক, সংখ্যালঘু নিৰহ লোকৰ ওপৰত নিৰ্যাতন নচলিব আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।