পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য

 09/28/2021 - 14:14
 
 
নিউজ ডেস্কঃ পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। ২৮ ছেপ্টেম্বৰ, ২০২১ত দেশত ইন্ধনৰ মূল্য বাঢ়িছে। যোৱা ৫ দিনত চতুৰ্থ বাৰলৈ ডিজেলৰ মূল্য বৃদ্ধি পাইছে। আজি ডিজেলত ৭৫ পইচা বৃদ্ধি পোৱাৰ লগতে পেট্ৰ’লত ২০ৰ পৰা ২২ পইচা বৃদ্ধি পাইছে প্ৰতি লিটাৰত।
 
কলকাতাতো প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যৰ ১০১.৮৭ টকা আৰু ডিজেলত এই মূল্য ৯২.৬২ টকালৈ বৃদ্ধি পাইছে। দিল্লীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’লত ১০১.৩৯ টকা আৰু ডিজেলত ৮৯.৫৭ টকা, মুম্বাইত ১০৭.৪৭ টকা পেট্ৰ’লৰ প্ৰতিলিটাৰৰ মূল্য আৰু ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য হৈছেগৈ ৯৭.২১ টকা। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।