09/28/2021 - 17:24
in
মৈৰাবাৰীঃ মৰিগাঁও আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা মৈৰাবাৰীৰ দুৰ্ধৰ্ষ অপৰাধী মনিৰুদ্দিনক গ্ৰেপ্তাৰ। হত্যা, ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহৰ পাছত মনিৰুদ্দিনে এইবাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ম্যাদ উকলা ঔষধৰ লেবেল সলাই বজাৰত এৰি দি নিৰিহ লোকক হত্যা কৰাৰ। ২০২১ ত এক্সপিয়েৰ হোৱা আইৰণ চিৰাপত ২০২১ৰ ডিচেম্বৰত মেনিফেকচাৰৰ লেবেল মনিৰুদ্দিনৰ।
২০২১ত এক্সপিয়েৰ হোৱা আইৰণ চিৰাপত লেবেল সলাই ২০২২ ত এক্সপিয়েৰ লেবেল লগাই মনিৰুদ্দিনৰ মানুহৰ জীৱনক লৈ পাশবিক খেলা বিভিন্ন হাস্পতাল ফাৰ্মাছিয়ে পেলাই দিয়া ম্যাদ উকলা ঔষধ সংগ্ৰহ কৰি মনিৰুদ্দিনে ঘৰতে বহি মেনিফেকচাৰ আৰু এক্সপিয়েৰ ডেটৰ লেবেল সলাইছিল বিভিন্ন ঔষধৰ। মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত গোপন তথ্যৰ পম খেদি পুৱতি নিশা পলাতক মনিৰুদ্দিনক বিষাক্ত ঔষধসহ গ্ৰেপ্তাৰ।
পূৰ্বে মনিৰুদ্দিনৰ বিৰুদ্ধে কেৱল মৈৰাবাৰী থানাতে পঞ্জীয়ন হৈছিল হত্যা, ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহৰ বহু গোচৰ। সেই সমুহৰ ভিতৰত প্ৰধান গোচৰ সমূহ ক্ৰমে।1) C/No- 263/16, U/S- 25(1)(a) Arms Act. 2) C/No. 227/15, U/S- 22 NDPS Act.3) C/No-08/2018, U/S- 302/201 I.P.C.4) C/No. 301/19, U/S- 20(B)/22(B) NDPS Act. 1945. 5) C/No. 303/19, U/S- 25(1-A) Arms Act. এই গোচৰ সমূহত মনিৰুদ্দিন কেইবাবাৰো জেল হাজোতলৈ গৈছে যদিও এইবাৰ পুণৰ মানুহৰ জীৱনক লৈ কৰা ভয়ংকৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ মনিৰুদ্দিন।