কৰিমগঞ্জত নিজ সন্তানক আৰক্ষীৰ কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাত বক্ৰ পথেৰে উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগত তিনিজন আৰক্ষীসহ চাৰিজনকৈ লোকক আটক

 09/28/2021 - 18:38
 
 
বদৰপুৰঃ কৰিমগঞ্জত আৰক্ষীৰ হাতত আটক আৰক্ষীৰে তিনি গৰাকী লোক। নিজ সন্তানক আৰক্ষীৰ কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাত বক্ৰ পথেৰে উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই আটক কৰিলে মুঠ সাতজনকৈ লোকক। আটক হোৱা তালিকাত আছে তিনি গৰাকী কনিষ্টবল পদৰ প্ৰাৰ্থী, প্ৰাৰ্থীসকলৰ তিনি গৰাকী অভিভাৱক আৰু পৰীক্ষা গ্ৰহণৰ দায়িত্বত থকা কোম্পানীৰ এগৰাকী কৰ্মচাৰী।
 
আৰক্ষীৰ হাতত আটক হোৱা আৰক্ষীৰ তিনিজন হৈছে যথাক্ৰমে  ইনচপেক্টৰ তাপস ছিনহা, ছাব ইনচপেক্টৰ বলাই চন্দ আৰু নাৰ্চিং ষ্টাফ দেবশীষ ছিনহা। আটক হৈছে তিনিজন আৰক্ষীৰ তিনিজন সন্তান যথাক্ৰমে সিবম সিনহা, আশিষ সিনহা আৰু বৈশালী চন্দ। আৰু পৰীক্ষা পৰিচালনা কৰা ইনফো ক্লেব কোম্পানীৰ কৰ্মচাৰী আজিম হাছিব। আৰক্ষী নিয়োগ প্ৰক্ৰিয়াত সংঘটিত বিয়াগোম এই বিসংগতিৰ ঘটনাই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
 
আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াত পুনৰ সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। এছআই পৰীক্ষাৰ পিছত, কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাত সংঘটিত বিসংগতিৰ বাবে পুনৰ চৰ্চালৈ আহিছে কৰিমগঞ্জৰ নাম। কিয়নো কৰিমগঞ্জত আৰক্ষীৰ লোকে কনিষ্টবল নিয়োগ প্ৰক্ৰিয়াত অনুত্তীৰ্ণ হোৱা নিজৰ সন্তানক উত্তীৰ্ণ কৰাইছিল বক্ৰ পথ অবলম্বন কৰি। আৰু এনে এক অভিযোগৰ ভিত্তিত তদন্তত নামি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই লাভ কৰিছিল যথেষ্ট প্ৰমাণ। কিয়নো ক্লোজ ছাৰ্কিট কেমেৰাত বন্দী হৈছিল আৰক্ষীয়ে নিজ নিজ সন্তানক উত্তীৰ্ণ কৰাৰ ক্ষেত্ৰত বক্ৰ পথ অবলম্বন কৰাৰ সকলো দৃশ্য। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰ নিশাৰ ভাগত কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিছিল আৰক্ষীৰে তিনিজন লোকক।
 
আৰু কনিষ্টবল নিযুক্তিৰ শাৰীৰিক পৰীক্ষা, কৰিমগঞ্জৰ চৰকাৰী বালক বিদ্যালয়ৰ খেলপথাৰত  অনুষ্ঠিত হৈ আহিছিল বিগত পাঁচ চেপ্টেম্বৰ তাৰিখৰ পৰা। শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হোৱাৰে পৰাই বিভিন্ন ধৰণৰ বিসংগতিৰ অভিযোগ কৰি আহিছিল একাংশ প্ৰাৰ্থীয়ে। আটক হোৱা প্ৰতি গৰাকীক কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই জনাইছে যে আটক হোৱা সকলৰ বিৰুদ্ধে অপৰাধ জনক গোচৰ ৰুজু কৰি শাস্তিৰ ব্যবস্থা কৰা হব (SP BYTE) আনহাতে নিযুক্তি প্ৰক্ৰিয়াত বাৰে বাৰে সংঘটিত বিসংগতি আৰু ইয়াৰ আঁৰত কৰিমগঞ্জৰ নাম সাঙুৰ খোৱা ঘটনাৰ আৰত একাংশ শাসকীয় পক্ষৰ প্ৰভাবশালী লোক জৰিত আছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।