10/01/2021 - 13:00
in
জামুগুৰিহাটঃ যি সময়ত অসমৰ একাংশ নিবনুৱা যুৱক কৰ্মসংস্থাপনৰ তাগিদাত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ নিজ হলেস্বৰৰ এজন নিবনুৱাই ঘৰতে থাকি স্বাৱলম্বিতাৰ পথ দেখুৱাইছে৷ এইজন যুৱকে বিটেল প্ৰজাতিৰ উন্নতমানৰ ছাগলী পাঞ্জাব পৰা বৰবৰি প্ৰজাতিৰ উন্নতমানৰ ছাগলী উত্তৰ প্ৰদেশ আৰু মঠুৰাৰ পৰা ক্ৰয় কৰি আনি ঘৰতে ফাৰ্ম খুলি পোহপালন কৰিছে৷
বৰ্তমান তেওঁ সেইসমূহ ছাগলি অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰি কৰি লাভবান হোৱাৰ লগতে কৰ্মসংস্থাপনৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। যুৱকজন হৈছে তেজপুৰৰ নিজ হলেস্বৰ নিবাসী মানিক শৰ্মা আৰু কবিতা শৰ্মাৰ সু-পুত্ৰ মানস প্ৰতিম শৰ্মা। ৩২ বছৰীয়া মানসে যোৱা ২০১৬ বৰ্ষৰ পৰা প্ৰথমে দুটা ছাগলী ক্ৰয় কৰি আৰম্ভ কৰিছিল এই বিশেষ ফাৰ্মখন। নিজৰ কষ্ট তথা পৰিশ্ৰমৰ সৈতে কেতিয়াও হাৰ নমনাকৈ এই বিশেষ ফাৰ্মখনত দুইবিধ বহিঃৰাজ্যৰ উন্নতমানৰ প্ৰজাতিৰ প্ৰায় ৫০ ৰো অধিক ছাগলী বৰ্তমান ফাৰ্মখনত আছে।
ছাগলীবোৰৰ বেমাৰৰ ক্ষেত্ৰত পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী যুবকজনে নিজেই ভেকচিন প্ৰদান কৰি শুশ্ৰষা কৰাও পৰিলক্ষিত হয়। মানস প্ৰতিম এতিয়া বহুজনৰ বাবে হৈ পৰিছে এক আদৰ্শ। চৰকাৰী চাকৰিলৈ আশা নকৰি নিজৰ কৰ্মসংস্থাপনৰ বাট নিজেই বাছি লোৱাত মানসৰ পিতৃ-মাতৃ, শৈক্ষিক মহলৰ লগতে অঞ্চলবাসী ৰাইজে বহু শলাগ লোৱা দেখা গৈছে। মানসৰ এই কৰ্মসংস্থাপনৰ যাত্ৰা অধিক সফল হোৱাৰ আশা পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গ।