দীৰ্ঘদিনৰ অন্তত আজি দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

 10/01/2021 - 14:51
 
 
 
শালবাৰীঃ দীৰ্ঘদিনৰ অন্তত আজি দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় প্ৰৱেশদ্বাৰত দিনৰ ১১.৩০ বজাত ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই।ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ পিছতে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। বিহু, বাগুৰুম্বা, নাম-প্ৰসংগৰ শব্দত মুখৰিত হৈ পৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় প্ৰৱেশদ্বাৰ।
 
ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ পূৰ্বে বাঁ‌হবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা দ্বিতীয় প্ৰৱেশদ্বাৰলৈ বিহু, বাগুৰুম্বা, ঝুমুৰ, নাম-প্ৰসংগ, হাতী আদি লৈ এক সমদল বাহিৰ কৰে বন বিভাগৰ লোকে। ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত চলি থকা বেদখল উচ্ছেদ কৰাৰ কথা অৱগত কৰে।
 
উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ অন্তত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, পিচিচিএফ অনুৰাগ সিং, ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা, প্ৰাক্তন এন ডি এফ বি নেতা বি বিদায়, মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।