শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অবিবেচক কাণ্ডঃ হয়গ্ৰীৱ মাধৱ মন্দিৰত প্ৰৱেশৰ অপৰাধত এঘৰীয়া অধ্যাপকৰ পৰিয়াল

 06/02/2019 - 13:24

হাজোঃ গহপুৰৰ যুৱকক গাহৰি ফাৰ্ম খোলাৰ অপৰাধত শ্ৰীমন্ত শংকৰদেৱ সংঘই এঘৰীয়া কৰাৰ বাতৰিয়ে ৰাজ্য জুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। এইবাৰ তীৰ্থনগৰী হাজোৰ ৰামদিয়াত পোহৰলৈ আহিছে শংকৰ সংঘৰ অবিবেচক কাণ্ড। অৱসৰ প্ৰাপ্ত অধ্যাপক আৰু সহকাৰী অধ্যাপকৰ পৰিয়ালক এঘৰীয়া কৰি মানসিক নিৰ্যাতন চলাইছে কৰুণা কান্ত কলিতা আঞ্চলিক শাখা আৰু ১নং ৰামদিয়া প্ৰাথমিক শাখাই। ৰত্নেশ্বৰ পাঠক এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। পুত্ৰ মুকুট পাঠক ৰামদিয়া বিচিএম কলেজৰ সহকাৰী অধ্যপক।

পিএইছডি গৱেষণাৰ বাবে হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ পিতৃৰ সৈতে গৈছিল মুকুট পাঠক। সেয়াই যেন অপৰাধ হল পৰিয়ালটোৰ। ৰামদিয়াৰ আঞ্চলিক সমিতিয়ে পৰিয়ালতোক মানসিক নিৰ্যাতন চলাই অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। অধ্যাপক পুত্ৰ মুকুট পাঠকে শংকৰদেৱৰ সৃষ্টিৰাজিৰ ওপৰত যথেষ্ট কাম কৰা পৰিয়ালটোক কৰা এনে নিৰ্যাতন সহজ ভাবে ল’ব পৰা নাই বহুতেই। মুকুট পাঠকে শংকৰদেৱৰ ওপৰত 'শংকৰদেৱ চিন্তা আৰু দৰ্শন নামেৰে' গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ভিডিঅ’ নিৰ্মাণ কৰিছে। এনে এক প্ৰেক্ষাপটত শংকৰদেৱ সংঘৰ এনে অপকাৰে মানসিক অশান্তি দিছে পৰিয়ালটোক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।