ব্যক্তিগত খণ্ডৰ হাতলৈ ‘এয়াৰ ইণ্ডিয়া’

 10/01/2021 - 16:37
 
 
নিউজ ডেস্কঃ এইবাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ যাব এয়াৰ ইণ্ডিয়া। ‘টাটা ছন্স’ৰ হাতলৈ যাব দেশৰ ৰাজহুৱা খণ্ডৰ এই অসামৰিক বিমান পৰিবহণ সংস্থাটো।ব্লুমবাৰ্গত শুকুৰবাৰে প্ৰকাশ পোৱা মতে, টাটা ছন্সে লোকচানত জৰ্জৰিত হোৱা ৰাজহুৱা খণ্ডৰ বিমান পৰিবহন সংস্থাটো ক্ৰয় কৰাৰ বাবে আহ্বান জনোৱা নিবিদাত জয়ী হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগোটৰ এখন পেনেলে কোম্পানীটোৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি প্ৰকাশ পাইছে। অৱশ্যে টাটা ছন্সৰ মুখপাত্ৰই এই পদক্ষেপ সন্দৰ্ভত কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে।
 
আনহাতে এয়াৰ ইণ্ডিয়ায়ো এই বিষয়ে মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে লোকচানত জৰ্জৰিত এই বিমান পৰিবহন সংস্থাটো সম্পূৰ্ণৰূপে বিক্ৰীৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছিল।জানিব পৰা মতে, ৰাজহুৱা খণ্ডৰ এই সংস্থাটোৱে প্ৰতিদিনে ২০ কোটি টকাকৈ লোকচান ভৰি আহিছে। এতিয়ালৈ ৭০হাজাৰ কোটিৰো অধিক লোকচানক সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া। তিনি বছৰ পূৰ্বেই ইয়াৰ সৰহসংখ্যক অংশীদাৰিত্ব বিক্ৰীৰ বাবে কেন্দ্ৰই প্ৰচেষ্টা চলাইছিল যদিও কোনো নিবিদা লাভ নকৰিলে। তাৰ পাছত ইয়াৰে জড়িত চৰ্তসমূহ শিথিল কৰাৰ জৰিয়তে পুনৰ ইয়াক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।