10/02/2021 - 14:57
in
নিউজ ডেস্কঃ হাফপেণ্টৰ পিছত এইবাৰ বিতৰ্কত আহিল লুঙী৷ বাংলাদেশৰ ডিনাজপুৰৰ এখন অভিযান্ত্রিক মহাবিদ্যালয়ত লুঙী পৰিধান কৰি অনলাইন পৰীক্ষাত বহা তিনি শিক্ষার্থীক নিলম্বন কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ এই তিনিও পৰীক্ষাৰ্থীয়ে লুঙী পিন্ধি পৰীক্ষাত বহাটো তেতিয়াহে পোহৰলৈ আহে যেতিয়া শিক্ষকে পৰীক্ষাৰ্থীসকলক খিৰিকীৰ মাজেৰে অধিক পোহৰ প্ৰৱেশ কৰাৰ লগে লগে পৰ্দাখন টানিবলৈ নিৰ্দেশ দিছিল।
যেতিয়া তেওঁলোকে খিৰিকীৰ পৰ্দা টানিবলৈ উঠিছিল, শিক্ষকে তিনি জন ছাত্ৰক লুঙী পিন্ধি থকা দেখিছিল। লগে লগে তিনিওকে জুমৰ পৰা উলিয়াই দিয়া হৈছিল। তেওঁলোকক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া নহ’ল।তিনি ছাত্ৰই অনলাইন পৰীক্ষাত কিয় লুঙী পৰিধান কৰি বহিবলৈ দিয়া নহ’ব বুলি প্রশ্নৰ অৱতাৰণা কৰে যদিও মহাবিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলে পৰীক্ষাৰ নিয়ম মানি নোলোৱাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি ঘোষণা কৰে৷