10/02/2021 - 15:30
in
নিউজ ডেস্কঃ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ লাডাখৰ লেহত অনুষ্ঠিত হিমালয়ান চলচ্চিত্ৰ মহোৎসৱ (The Himalayan Film Festival )ত জুৰীৰ বিশেষ পৰিচালকৰ বঁটা লাভ শিৱসাগৰ জিলাৰ পানীবিলৰ প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ৷
উক্ত মহোৎসৱত প্ৰাঞ্জল প্ৰতিম চেতিয়াই এহাল টুনী চৰাইৰ ওপৰত নিৰ্মাণ কৰা "নেষ্টিং মুনীয়া" (Nesting Munia) নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শন হৈছিল আৰু এই চলচ্চিত্ৰখনৰ বাবেই জুৰীৰ বিশেষ বঁটা লাভ কৰে তেওঁ৷ জনপ্ৰিয় ছবি শ্বেৰশ্বাহ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা হিমালয়ান চলচ্চিত্ৰ মহোৎসৱতে যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে পৰিচালক চেতিয়াক এই বঁটা প্ৰদান কৰে। বৰ্তমান দ্য ব্ৰহ্মপুত্ৰ নামৰ পূৰ্ণ দৈৰ্ঘ্যৰ এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণত ব্যস্ত পৰিচালকজন৷