সৰুক্ষেত্ৰী নাগৰিক মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান

 10/02/2021 - 16:41
 
        
 
সৰুক্ষেত্ৰীঃ আজি সৰুক্ষেত্ৰী নাগৰিক মঞ্চৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সৰ্থেবাৰী নতুন বজাৰস্থিত নাগৰিক মঞ্চৰ মুখ্য কার্যালয়ত বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হয়। ৰাতিপুৱা ৮ বজাৰ পৰা চাফাই কাম, পতাকা উত্তোলন আৰু মহাত্মা গান্ধীৰ প্ৰতিপূৰ্তিত মাল‍্যাৰ্পণ ও শ্ৰদ্ধা তৰ্পণৰ পাছতে সৰ্ব ধৰ্ম অনুষ্ঠান অনুষ্ঠিত কৰা হয়, তাত ভাগৱত আৰু কোৰান পাঠৰে সৰ্ব মংগল কামনা কৰা হয়। গান্ধী জয়ন্তী উপলক্ষে দিনৰ দহ বজাত সৰুক্ষেত্ৰী গ্ৰাম‍্য চিকিৎসালয়ত ৰোগীৰ মাজত ফল-মূল বিতৰণ কৰা হয়। দিনৰ ১১ বজাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা লোকসেৱা আয়াগৰ প্ৰাক্তন অধ্যক্ষ ডাঃতাৰা প্ৰসাদ দাস, নিৰ্দিষ্ট বক্তা হিচাপে অসম গণ পৰিষদৰ মুখাপাত্ৰ ধৰ্মশ্বেৰ ৰয় উপস্থিত থাকে। মুখ্য অতিথি হিচাপে ডাঃ তাৰা প্ৰসাদ দাসে তেওঁৰ বক্তব্যৰ মাজত 'সমষ্টিবাসীক নাগৰিক মঞ্চৰ জৰিয়তে সচেতন হ’বলৈ আৰু সমষ্টিটোক বেদখল মুক্ত কৰিবলৈ চৰকাৰী পক্ষক আহ্বন জনাই'। নিৰ্দিষ্ট বক্তা হিচাপে হিচাপে এসময়ৰ বলিষ্ঠ ছাত্ৰ নেতা তথা অগপ দলৰ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ে ক্ষভ উজাৰি, বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদৰ ওপৰত কৰা অপমান সূচক মন্তব্যৰ ওপৰত ক্ষুৰধাৰ সমালোচনা কৰে। লগতে তেওঁ কয় যে বৰ্তমান সময়ৰ সৰুক্ষেত্ৰীৰ বিধায়কজনে সৰুক্ষেত্ৰীৰ জ্বলন্ত সমস্যাৰ সমূহৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই, আৰু লগতে কয় সৰুক্ষেত্ৰী সমষ্টিৰ সমস্য সৰুক্ষেত্ৰী বাসীয়ে নিজে দূৰ কৰিব লাগিব। সদৌ শেষত অগপৰ স্থানীয় নেতা তথা অধিবক্তা অভয়বৰ্মনে গান্ধীৰ সম্পৰ্কত তেওঁৰ স্বৰচিত গান এটা পৰিৱেশন কৰে, আৰু ইমানতে বক্তব্য সামৰণি মাৰে। লগতে সভাখনত কেইবাগৰাকী কৃতি স্থানীয় সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।
 
   
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।