10/03/2021 - 16:25
in
বটদ্ৰৱাঃ শ্ৰী শ্ৰী কোবাইকটা সত্ৰ বেদখলমুক্ত ও পুনৰ উদ্ধাৰৰ দাবীত দেওবাৰে বিশ্ব হিন্দু মহাসংঘই আয়োজন কৰা অৱস্থান কাৰ্যসূচীত অথন্তৰ। তৰ্কাতৰ্কিৰ লগতে হতাহতিৰ উপক্ৰম ঘটিল। বহুদিনৰ পৰা কোবাইকটা সত্ৰক লৈ দুই ফৈদৰ মাজত বিতৰ্কৰ সূত্ৰপাত হৈ আহিছিল। একাংশৰ মতে আই সতী ৰাধিকাৰ জন্মস্থান এই ঐতিহ্যমণ্ডিত সত্ৰখন।
আন একাংশৰ মতে, দামোদৰ দেৱৰ জন্মস্থান। ইয়াকে লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হয় দুই ফৈদ। কিন্তু বিশ্ব হিন্দু মহাসংঘৰ কাৰ্যসূচীত দামোদৰ দেৱৰ জন্মস্থান বুলি উল্লেখ কৰাত আনটো ফৈদ ক্ষুন্ন হৈ পৰে। এই ধৰ্ণা কাৰ্যসূচীত উপস্থিত থকা দক্ষিনপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগতে দামোদৰ দেৱ পন্থীৰ একাংশ লোকৰ লগত তৰ্ক বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সত্ৰত মোতায়ন কৰা হয় আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ দল। উল্লেখ্য যে, যোগল চন্দ্ৰ দেৱ গোস্বামী নামৰ এজন ব্যক্তিয়ে কোৱাইকটা সত্ৰ খনিৰ ঐতিহ্য আৰু পৰম্পৰাত ব্যাঘাত জন্মোৱাৰ লগতে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক দীৰ্ঘদিনীয়া বান্ধোনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰি আহিছে বুলি কোৱাইকটা সত্ৰৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।