গোলাঘাট বনবিভাগৰ ১ ৰ পৰা ৭ অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ পালন

 10/03/2021 - 19:05
 
 
গোলাঘাটঃ বিশেষকৈ জিলাখনৰ থোৰামুখ আৰু মুৰফুলনি এলেকাৰ হাতী মানুহৰ সংঘাত অধিক৷ খাদ্যৰ সন্ধানত বিজুলী আৰু নামবৰ বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকৰ আক্ৰমণত মানুহৰ মৃত্যু হৈয়ে থাকে৷ আৰু ঠিক তেনেদৰে মানুহৰ হাততো হাতীৰ মৃত্যু হৈছে৷ সেয়েহে এইবাৰ বনবিভাগে এই এলেকাত বন্যপ্ৰাণী সপ্তাহ পালন কৰিছে৷
 
দেওবাৰে থোৰামুখ মধ্যইংৰাজী বিদ্যালয়ত এই বিষয়ত এখনি সভা অনুষ্ঠিত হয়৷ সমাজকৰ্মী ব্ৰজেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত গোলাঘাট বনসংমণ্ডলৰ ৰেঞ্জাৰ পুস্পধৰ বৰগোহাঁই; এচি এফ ঋতুপৱন বৰা আৰুবিভাগীয় অণ্যান্য বিষয়া কৰ্মচাৰী উপস্থিত থাকি বক্তব্য আগবঢ়াই৷ পঞ্চায়ত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত ভুক্তভোগী বিভিনজনে হাতীৰ উপদ্ৰৱ বিষয়ে বিভাগ বিষয়াক অৱগত কৰে৷ সভাত বনবিভাগে ৰাইজক খেতি-পথাৰ হাতীৰ পৰা ৰক্ষা কৰিবলৈ টৰ্চলাইট বিতৰণ কৰা হয়৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।