জামুগুৰিহাটৰ চামধৰাত গোৰ্খা ইউনিয়নৰ সদস্য তথা দৰং মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ অজয় ছোনাৰলৈ জ্যোতি শিক্ষা বঁটা প্ৰদান

 10/04/2021 - 13:12
 
 
 
জামুগুৰিহাটঃ এগৰাকী বহু প্ৰতিভাসম্পন্ন মেধাৱী ছাত্ৰ। গোৰ্খা ইউনিয়ন তথা দৰং মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰজনৰ নাম হৈছে অজয় ছোনাৰ। অজয় হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল চামধৰা পানিগাঁও নিবাসী মন বাহাদুৰ ছোনাৰ আৰু প্ৰয়াত ৰূপা দেৱীৰ কনিষ্ঠ পুত্ৰ।
 
অজয়ে নিজৰ পঢ়া-শুনাৰ উপৰিও সাধাৰণ জ্ঞানৰ ওপৰত সম্পূৰ্ণৰূপে অধ্যয়ন কৰি বহু টেলেন্ট চাৰ্চৰ পৰীক্ষা দিবলৈকো সক্ষম হৈছে।
 
দৰং মহাবিদ্যালয়ৰ পৰা জিলা ভিত্তিক অনুষ্ঠিত  সাধাৰণ জ্ঞান সন্দৰ্ভৰ এক বিশেষ পৰীক্ষাত ৯৫.৩৩ শতাংশৰে প্ৰথম স্থান দখল কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত তেওঁক নগাঁওস্থিত আমনিত আয়োজন কৰা এক গাম্ভিয্যপূৰ্ণ অনুষ্ঠানত মেধাৱী ছাত্ৰগৰাকীক ফুলাম গামোছা, জাপি, প্ৰশংসা পত্ৰৰ লগতে দুটা ট্ৰফীৰে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ জ্যোতি শিক্ষা তথা ইশান উদয় বঁটা প্ৰদান কৰে উদ্যোক্তাসকলে।
 
২৩ বছৰীয়া ছাত্ৰজনৰ এনে বৃহৎ সফলতাক লৈ দৰং মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল, অঞ্চলবাসীৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে উষ্ম আদৰণি জনাই উৎজ্বল ভৱিষ্যত কামনা কৰে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।