চিৰদিনলৈ পংগু হ’ল সুৰামত্ত সুন্দৰী যুৱতীয়ে মহতিয়াই নিয়া যোচেফ, এই পৰ্যন্ত ওলোৱা নাই যোচেফৰ পৰিয়ালৰ পৰিচয়

 10/04/2021 - 15:28
 
 
নিউজ ডেস্কঃ ৰুক্মিণী গাঁৱত শুকুৰবাৰৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা৷ সুৰামত্ত সুন্দৰী যুৱতীয়ে মহতিয়াই নিছিল ৯জনকৈ শ্ৰমিকক।ইয়াৰে এজন যাৰ নাম যোচেফ তেওঁৰ সোঁ ভৰিখন ঠাইতে ছিগি পৰি ৰৈছিল ৰাজপথৰ ওপৰত। এতিয়াও অচেতন হৈ ৰোৱা যোচেফৰ আনখন ভৰিও কাটি পেলাবলগীয়া হয় চিকিৎসকে।
 
পৰিয়ালৰ পৰিচয় এই পৰ্যন্ত ওলোৱা নাই যোচেফৰ। আনহাতে চিকিৎসাধীন আহত আন ৮জন শ্ৰমিকক আজি ঘৰলৈ যাব দিয়া হ’ব। আইন কানুন ভংগ কৰা ৰাজকন্যা বৰুৱাই এদিনতে জামিন পালে তাক লৈও এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে।
 
সততে অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ দাবী কৰা অসম আৰক্ষীৰ নিষ্ঠাক লৈ ৰাইজে তুলিছে প্ৰশ্ন। দুখীয়াৰ কাৰণে আইন বেলেগ আৰু ধনীৰ কাৰণে আইন বেলেগ নে কি? কি কাৰণে এটা ধাৰাৰ বাহিৰে আটাইকেইটা জামিন যোগ্য ধাৰা আৰোপ কৰা হ’ল তাক লৈও উঠিছে প্ৰশ্ন। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।