লিডুত শংকৰদেৱ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ নৱ নিৰ্মিত শ্ৰেণী কক্ষ উদ্বোধন আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ বিতৰণ

 10/05/2021 - 15:55
 
 
 
মাৰ্ঘেৰিটাঃ আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডু সামুকজান গাঁও পঞ্চায়তৰ অন্তৰ্গত শংকৰদেৱ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয় অতিৰিক্ত শ্ৰেণী কোঠাটোৰ আজি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাষ্কৰ শৰ্মাই শুভ উদ্বোধন কৰে।
 
২০১৯-২০ চনৰ অসম চৰকাৰৰ পুঞ্জীৰ প্ৰায় ১০,৫০,০০০/-(দহ লাখ পঞ্চাছ হাজাৰ টকাৰ ব্যয় সাপেক্ষে এই শ্ৰেণী কোঠাটো নিৰ্মাণ কৰা হয়। ইয়াৰ উপৰিও আজি বিধায়ক ভাষ্কৰ শৰ্মাই লিডুৰ বিজেপি কাৰ্য্যালয়ত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত আজি প্ৰথম দিনৰ গেছ বিতৰণ কাৰ্য্যসূচীৰ আয়োজন কৰা হয়।
 
এই কাৰ্য্যসূচীৰ জৰিয়তে আজি লিডু, সামুকজান আৰু কলিয়ৰী গাঁও পঞ্চায়তৰ পৰা বিভিন্ন হিতাধিকাৰীসকলক উজ্জ্বলা গেছ বিতৰণ কৰে আৰু যি সকল দুখীয়া হিতাধীকাৰীয়ে এতিয়ালৈকে চৰকাৰী ৰন্ধন গেছৰ সুবিধা পোৱা নাই সেইসকলে অতি সোনকালে প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছ আচনীৰ জৰিয়তে ৰন্ধন গেছৰ সুবিধা লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে বিধায়কজনে।
 
আজি এই কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ভাষ্কৰ শৰ্মা, আঞ্চলীক পঞ্চায়ত সদস্য সুখদেব শৰ্মা, ভবেশ দত্তৰ লগতে বিভিন্ন বিষয়ববীয়াৰ লগতে দলীয় সতীৰ্থ।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।