10/05/2021 - 18:41
in
মৈৰাবাৰীঃ এইবাৰ কঠোৰ ৰূপত দেখা গৈছে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাক। ম্যাদ উকলা ঔষধ বিক্ৰী কৰা অপৰাধীক গ্ৰেপ্তাৰৰ পিছতে এইবাৰ নামি পৰিছে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুতকাৰীসকলৰ বিৰুদ্ধে। মুঠতে এইবাৰ মৈৰাবাৰী আৰক্ষীয়ে No Compromise নীতি অব্যাহত ৰাখিছে। আজি পুৱাৰ ভাগত গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষীয়ে দীৰ্ঘদিন ধৰি অবৈধভাৱে আধাৰ কাৰ্ডৰ ব্যৱসায় চলোৱা কেন্দ্ৰক উৎখাত কৰে।
উল্লেখ্যযোগ্য যে ব্যক্তিজনক বেলেগ পঞ্চায়তত নিয়োগ কৰিছিল যদিও ব্যক্তিজনে গৰুখুটিত দোকান খুলি সাধাৰণ ৰাইজৰ পৰা ৫০০-১০০০ টকা সংগ্ৰহ কৰিছিল আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবদ। মৈৰাবাৰী আৰক্ষীয়ে ব্যক্তিজনৰ পৰা বহু আপত্তিজনক নথি-পত্ৰৰ লগতে ভুৱা ছীল মোহৰ জব্দ কৰে।
এতিয়া কথা হ’ল যে আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত কাক মেনেজ কৰি দীৰ্ঘদিন ধৰি মুকলি কৈ ধন সংগ্ৰহৰ লগতে ভুৱা নথি-পত্ৰৰে ৰমৰমীয়া ব্যৱসায় চলাইছিল? স্থানীয় ৰাইজে অভিযোগ কৰিছে যে সেয়া নিশ্চয় শীৰ্ষ বিষয়াৰ সৈতে গোপন বুজাবুজি কৰি এনেকৈয়ে অবৈধভাৱে চলাই আহিছে আধাৰ কাৰ্ড প্ৰস্তুত কাৰ্য।