অহা ১৫ জুনত প্ৰকাশ পাব এনআৰচিৰ অতিৰিক্ত খচৰা

 06/02/2019 - 16:18

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰাখন প্ৰকাশ পাব অহা ১৫ জুনত। খচৰাখন প্ৰকাশৰ পূৰ্বে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দুখনকৈ বৈঠকত আহ্বান কৰিছে। সোমবাৰে এনআৰচিক লৈ ৰাজ্যৰ চক্ৰ বিষয়াৰে অনুষ্ঠিত হ'ব প্ৰথমখন বৈঠক।

অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব এই বৈঠকখন। আনখন বৈঠক অনুষ্ঠিত হ'ব মঙলবাৰে প্ৰতিখন জিলাৰ উপায়ুক্তৰ সৈতে। এনআৰচিৰ কাৰ্যালয়ত উপাযুক্তসকলৰ সৈতে বৈঠকত বহিব প্ৰতীক হাজেলা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।