লক্ষীপুৰৰ জলেশ্বৰত আৰ্থিক সংকটত জুৰুলা হৈ চিপ লৈ আত্মহত্যা এজন লোকৰ

 10/05/2021 - 19:35
 
 
লক্ষীপুৰঃ লক্ষীপুৰৰ জলেশ্বৰত মৰ্মান্তিক ঘটনা। আৰ্থিক সংকটত জুৰুলা হৈ ডিঙিত চিপ লৈ আত্মহত্যা এজনৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত জলেশ্বৰৰ সাতভেণ্ডী গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। জানিব পৰা মতে দীৰ্ঘদিনীয়া লকডাউনৰ ফলত কৰ্মসংস্থাপন হেৰুৱাইছিল ৪০ বছৰীয়া আমজাদ আলী নামৰ ব্যক্তিগৰাকীয়ে। যাৰ বাবে ব্যক্তিগৰাকীয়ে পৰিয়াল পোহপাল দিয়াত যথেষ্ট কষ্টৰ সন্মুখীন হৈছিল।
 
আৰু শেষত উপায় বিহীন হৈ ঘৰত কোনো নথকাৰ সুযোগ লৈ আত্মহত্যাৰ পথ বাচি লয় বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। উল্লেখ্য যে, পূৰ্বৰ পৰা আমজাদ আলীয়ে কিছু পৰিমানে মানসিকভাৱে অসুস্থ আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত জলেশ্বৰ আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়াই উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখে বুলি জানিব দিয়ে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।