আইবা বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাৰ

 10/06/2021 - 14:15
 
 
 
নিউজ ডেস্কঃ ছাৰ্বিয়াত অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই ২১ অক্টোবৰৰ পৰা ৬ নবেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আইবা বিশ্ব চেম্পিয়নশ্বীপলৈ যোগ্যতা অৰ্জন কৰিছে।শিৱ থাপাই ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বীপত স্বৰ্ণপদক অৰ্জনেৰে বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছে।
 
আনহাতে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা অৰ্জুন বঁটা বিজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে টকিঅ’ত দেখুওৱা সফলতাৰ বাবে তেওঁক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপ নেখেলাকৈয়ে সন্মানৰ পৰিচয় হিচাপে পোনে পোনে ছাৰ্বিয়াৰ বিশ্ব বক্সিঙলৈ যাবলগীয়া ভাৰতীয় দলত স্থান দিছে।
 
সম্প্ৰতি বাংগালুৰুত কঠোৰ অনুশীলনত ব্যস্ত থকা লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই ছাৰ্বিয়াত অনুষ্ঠিত হ’বলগীয়া আইবা বিশ্ব বক্সিঙত পদক লাভৰ বাবে আপ্ৰাণ চেষ্টা চলাব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।