পুনৰ গ্ৰেপ্তাৰ হ’ল মডেল ৰাজকন্যা

 10/06/2021 - 16:12
 
নিউজ ডেস্কঃ মেডিকেল বৰ্ডে ৰাজকন্যাক পৰীক্ষা কৰি তেওঁ অসুস্থ নহয় বুলি প্ৰতিবেদন দিয়াৰ পাছতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বিগত শুকুৰবাৰে মাজনিশা সুৰাসক্ত অৱস্থাত গাড়ী চলাই আঠজন শ্ৰমিকসহ নজন লোকক আহত কৰিছিল ৰাজকন্যা বৰুৱাই। তাৰে এজনৰ ছিগি গৈছিল দুয়োখন ভৰি। তাৰ পাছতো নিজৰ প্ৰভাৱ প্ৰতিপত্তি খটুৱাই তেওঁ মেনেজ কৰিছিল আৰক্ষীক। আৰক্ষীৰ সহযোগত এদিনতে জামিন পাইছিল বিতৰ্কিত মডেলগৰাকীয়ে। তাৰ পাছত এই ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৱশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত পুনৰ আৰক্ষীৰ জালত পৰিল মডেল ৰাজকন্যা।আজি মেডিকেল ব’ৰ্ডৰ ছজনীয়া দলে চিকিৎসাধীন ৰাজকন্যাক পৰীক্ষা কৰাৰ পাছত ‘তেওঁ কোনোধৰণৰ গুৰুতৰ অসুস্থতাত ভুগি থকা নাই…’- বুলি প্ৰতিবেদন দিয়ে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।