এইবাৰ পেট্ৰ’লতকৈ অধিক হাৰত বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য

 10/09/2021 - 15:57
 
 
 
নিউজ ডেস্কঃ নগাঁৱত পেট্ৰলতকৈ দ্ৰুত গতিত বৃদ্ধি পাইছে পিয়াঁজৰ দাম৷ পেট্ৰলে প্ৰতি লিটাৰত শতক পাৰ কৰি শুকুৰবাৰে ১০০.৭৪ ৰ ঘৰত ভৰি দিছে ৷ ৭ অক্টোবৰৰ পৰা পেট্ৰলৰ দাম বৃদ্ধি পাইছে ১টকা ২৪ পইছা ৷ কিন্তু পিয়াঁজৰ বৃদ্ধি হাৰ জানিলে চকু কপালত উঠিব ৷ ৭ অক্টোবৰত পিয়াঁজৰ প্ৰতি কিলোগ্ৰামত বিক্ৰি কৰিছিল ৪৫ টকা ৷৯ অক্টোবৰত প্ৰতি কিলোগ্ৰামত বিক্ৰি কৰা হৈছে ৭০ টকা ৷ বৃদ্ধি পালে ২৫ টকা ৷পেট্ৰলৰ মূল্য ৪ দিনত বৃদ্ধি পালে ১.২৪ টকা ৷ বিপৰিতে চাৰি দিনত পিয়াঁজৰ মূল্য বৃদ্ধি পালে ২৫ টকা।
 
 
ব্যাপক হাৰত পিয়াঁজৰ দাম এইধৰে বৃদ্ধি পোৱাৰ পিছত চৰকাৰ তথা যোগান মন্ত্ৰীৰ কোনো পদক্ষেপ পৰিলক্ষিত হোৱা নাই। সাধাৰণ ৰাইজে প্ৰশ্ন তুলিছে যোগান মন্ত্ৰীয়ে কৰিব লাগে কি আৰু কৰিছে কি?শুকুৰবাৰে নগাঁৱত পেট্ৰলৰ প্ৰতি লিটাৰত ১০০.৭৪ টকা ৷ ডিজেল ৯৩.৪৯ টকা , ৰন্ধন গেছ ৯৭০.০৮ টকা (১৪.২কেজি)৷ পিয়াজৰ প্ৰতি কিলোগ্ৰামত ৭০ টকা , আলু ৪০ টকা , বিলাহী ৬০ টকা , কেচা মটৰ ৩৫০ টকা , ফুলকবি ২০০টকা , গাজৰ ১৫০ টকা , জিকা ৬০টকা , ভোল ৬০ টকা ৷
বজাৰত সামগ্ৰীৰ এই ভয়াবহ মূল্যবৃদ্ধিৰ পিছত সৰ্বসাধাৰণে বজাৰলৈ যাবলৈ ভয় কৰা হৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।