10/09/2021 - 16:46
in
ডুমডুমাঃ ডুমডুমাৰ সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত অমূল্য অবদান আগবঢ়াই অহা বৰেণ্য ব্যক্তিসকলক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজহুৱাভাৱে স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে এক 'বৰ্ণাঢ্য সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে|
ডুমডুমা শাখা সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানত ডুমডুমা অঞ্চলৰ সংবাদ, সাহিত্য, সাংস্কৃতিক, কৃষি আৰু ক্ৰীড়া ক্ষেত্ৰত বিশেষ কৃতিত্ব অৰ্জন কৰা বৰেণ্য ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়|
সাংবাদ বঁটা জ্যেষ্ঠ সাংবাদিকদ্বয় অনুজ কলিতা আৰু মনোজ দত্তলৈ যুটিয়াভাৱে, সাহিত্য বঁটা হিৰন্য শইকীয়ালৈ, সাংস্কৃতিক বঁটা ৰাজীৱ লোচন বড়ালৈ, কৃষি বঁটা উমাকান্ত নেওগলৈ আৰু ক্ৰীড়া বঁটা ৰঞ্জন বৰ্মনলৈ আগবঢ়োৱা হয়| অনুষ্ঠানত ডুমডুমা অঞ্চলৰ সাহিত্য-সংস্কৃতি, শিক্ষা, ক্ৰীড়া আদি ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় দল-সংগঠন উপস্থিত থাকে|
পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পলাশ চাংমাই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত হৈ ভাষন প্ৰসংগত ৰাজ্য চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন বিষয়টো সমৰ্থন জনাই কেৱল মুছলমানৰ ক্ষেত্ৰত নহয় বৰঞ্চ সকলোৰে বাবে এই আইন প্ৰযোজ্য হব লাগে বুলি কয় আৰু মংগলদৈ গৰুখুটিৰ লোকক, চৰ অঞ্চলৰ লোকৰ লগতে উজনি অসমৰ চাহ জনগোষ্ঠী়লোক সকলক ৰাজ্য চৰকাৰে 6 বিঘাকৈ ভূমি আবন্টন দিব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে|