ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, দুই পক্ষৰ মাজত হোৱা মাৰপিটত থিতাতে প্ৰাণ গ’ল দুজনৰ

 10/09/2021 - 18:17
 
 
বৰপেটাঃ ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি। বৰপেটাৰ পালহাজীৰ নিকটবৰ্তী গৰেমাৰী পথাৰত দুই পক্ষৰ মাজত হোৱা মাৰপিটত থিতাতে প্ৰাণ গ’ল দুগৰাকীৰ। মাটিৰ বাবেই অতি ভয়ানক ঘটনা সংঘটিত হৈছে। আহত কেইবাগৰাকীও। মাৰপিটত মৃত্যু হোৱা ব্যক্তি দুজন সুৰপান আলী আৰু আব্দুল জলিল। কাষৰে চৰকপাৰা গাঁৱৰ নিবাসী মামুদ আলীৰ সৈতে হৈছে এই মাৰপিট।
 
মামুদ আলীয়ে লগত কেইবাগৰাকীও ব্যক্তিক মাৰপিট কৰাৰ বাবে ভাড়াতীয়া হিচাপে আনিছিল বুলি জানিব পৰা গৈছে। ভূমিৰ বেদখলক লৈ এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে। হাতে হাতে দা, কুঠাৰ, ছুৰীৰে সুৰপান আলি আৰু আব্দুল জলিলৰ বাসগৃহ ঘেৰাও কৰি আক্ৰমণ কৰে।প্ৰায় এক ঘণ্টা ধৰি মাৰপিট চলে।
 
দা, কুঠাৰে মূৰত আঘাত কৰাৰ পিছত মৃত্যুমুখত পৰে দুয়োগৰাকী। বৰপেটা আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু মৃত্যু ব্যক্তি দুজনক বৰপেটাত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়৷ উল্লেখযোগ্য যে, ভূমি কেন্দ্ৰিক বিবাদৰ ফলত এনে ধৰণৰ নৃশংস ঘটনাই অঞ্চলবাসীক আচৰিত কৰি তুলিছে। দুয়ো পক্ষৰ মাজত ভূমি বেদখল সন্দৰ্ভীয় পূৰ্বৰ পৰাই বৰপেটা আৰক্ষী থানাত গোচৰ চলি আছে। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।