বৰপেটাৰোডৰ এক আকৰ্ষণীয় পূজা মণ্ডপ

 10/10/2021 - 13:57
 
 
শালবাৰীঃ প্ৰতি বছৰৰ দৰে এইবাৰো বৰপেটাৰোডৰ মৈৰাঝাৰ গাঁৱৰ বৰতলা মন্দিৰৰ পূজা মণ্ডপটো আকৰ্ষণীয় ৰূপত বনোৱাত ব্যস্ত হৈ পৰিছে ইয়াৰ ৰাইজ৷ এইবাৰ ইয়াৰ ৰাইজে খেৰ আৰু বাহঁৰে সাজি উলিয়াইছে এটি প্ৰকাণ্ড কলহ৷ প্ৰায় ৩০ ফুট ওখ কলহটো ৰাইজে লগ লাগি নিজেই বনাই আছে৷ যাৰ ব্যয় হব প্ৰায় দুই লাখ টকা৷ উল্লেখ্য যে ইয়াৰ পূৰ্বতেও তেওঁলোকে আইফেল টাৱাৰ আৰু প্ৰকাণ্ড ছাতিৰে মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰৰ মণ্ডপটোৱেও ৰাইজক আকৰ্ষিত কৰিব বুলি তেওঁলোক আশাবাদী৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।