মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ বিভিন্ন অঞ্চলত ভূ-মাফিয়াৰ দপদপনি

 10/10/2021 - 15:45
 
 
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ লিডুৰ দিহিং নৈ পাৰত ভূ-মাফিয়াৰ দপদপনি৷ একাংশ বিষয়াক মেনেজ কৰি প্ৰতিদিনে লাখ লাখ টকাৰ কৰ ফাকি দি চলাই গৈছে খনন কাৰ্য্য। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি অব্যাহত ৰাখিছে, তেনে সময়তে মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনত লেখাপানী আঞ্চলিক বনাঞ্চলৰ কাৰ্যালয়ৰ বিভিন্ন অঞ্চলত অব্যাহত আছে ভূ-মাফিয়াৰ দপদপনি। চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি নথি-পত্ৰ অবিহনে দিহিং নৈ পাৰত অব্যাহত ৰাখিছে মাটিৰ খনন।
 
লিডুৰ মোলাঙৰ বিভিন্ন অঞ্চলত এনেদৰে চলাই গৈছে অবৈধ খনন। গৰাখহনীয়া প্ৰবন  কৃষিভূমি তথা জনবসতি এলেকাত ভূ-মাফিয়াই উম্মত মাটি খনন কাৰ্য্য নিজ ইচ্ছা অনুযায়ী চলাই গৈছে। ইতিমধ্যে দিহিং নৈৰ বুকুত প্ৰবল গৰাখহনীয়া অব্যাহত থকাৰ সময়তে নদীৰ নিচে কাষতে প্ৰায় ২০মিটাৰ আতৰত জনৈক ৰাজ নামৰ ব্যক্তিজনৰ লগতে একাংশ ইটা ভাতাৰ মালিকে কৃষি ভূমি ধ্বংস কৰি নলা মাটিৰে পুতি বৃহৎ বৃহৎ গছ কাটি নিজ খেয়াল খোচি মতে বন বিভাগক মেনেজ কৰি অবৈধ মাটি খননৰ কাম অব্যাহত যি ৰাখিছে। ফলতে যি কোনো সময়তে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা। ইতিমধ্যে বিগত বাৰিষাত ভালে সংখ্যক কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।