10/11/2021 - 18:31
in
যোৰহাটঃ যোৰহাট নগৰৰ সমীপৰ পটীয়া গাঁৱৰ দিহিঙীয়া কুৰিৰ শিশু-কিশোৰ-একত্ৰিত হৈ গুৰুজনাৰ নাট "মৎস্য অৱতাৰ, চাৰিবেদ উদ্ধাৰ" নাটখন ১০অক্টোবৰ নিশা যোৰহাটৰ পটিয়া গাঁৱৰ সমীপৰ' দিহিঙীয়া কুৰি' বুঢা নামঘৰত প্ৰদৰ্শন কৰে। জগতত যিমানেই অসুৰ, অন্যায়-অমংগল নহওক, ভগৱানে সকলোকে সংহাৰ কৰি ভিন্ন ৰপে অৱতাৰ হৈ দুষ্টক দমন কৰিব আৰু তেওঁৰ ভক্তক উদ্ধাৰ কৰিব ই এই বাক্য এই ভাওনাৰ ব্ৰহ্মাৰ। পুৱা প্ৰাত প্ৰসংগৰে দুপৰীয়া পতিয়ৰি সত্ৰৰ মানিক গোস্বামী নামাচায্যৰে নাম কীৰ্তনৰ পাছতে প্ৰসাদ বিতৰণ হয়।
সন্ধ্যা গৃহে গৃহে বন্তি প্ৰজ্বলন হয়। ইয়াৰ পাছত নামঘৰত নাম প্ৰসংগ, গায়ন-বায়েনেৰে মৎস্য অবতাৰ ভাওনা আৰম্ভ হয়। বিতু দত্তৰ সংগী বৃন্দৰ দ্বাৰা নাট পৰিচালনাৰে আৰম্ভ হোৱা নাটকখনত বিভিন্ন চৰিত্ৰ অভিনয় কৰা শিল্পীসকল হ’ল-নাৰায়ণ, দেবাশীষ দত্ত, ব্ৰহ্মা-দীব্যজোতি দত্ত, নাৰদ-অংকুৰ দত্ত, লখী-অনুষ্কা দত, মহাকাল-কৌশিক দত্ত(পাপলু),ভুজঙ্গ-দিখিত শইকীয়া(বু মন), ব্ৰজ্ৰা সুৰ-ত্ৰিনয়ণ দত্ত, হৰ দৈত্য-বৃতুৰাজ দত্ত, ইন্দ্ৰ-বিশ্বজিৎ শ ইকিয়া, যম-অম্লান শ ইকীয়া(পাংকু), অগ্নি-জুমণ দত্ত, বায়ু-মনজিৎ দত্ত(বুবুলি),সৰস্বতী, শিখা মনি হাজৰিকা, মায়া-জৰনা বৰা, বিষমিতা দত্ত ই ক্ৰমান্বয়ে একেটা চৰিত্ৰ ভাগ কৰি অভিনয় কৰে। মুখা শিল্পীৰ ভাওত অভিনয় কৰে জ্যেষ্ঠ শিল্পী নিৰেণ কলিতাই। পোহৰ শব্দত থকা সকলৰ নিখুতভাবে পৰিচালনা কৰা ব্যৱস্থাই সকলোৰে সমাদৰ লাভ কৰিব লৈ সক্ষ্যম হয়৷ দিহিঙীয়া কুৰি ৰাইজৰ সহযোগত গাঁওখনৰ লগতে দেশখনৰ নাগৰিক সকলৰ শান্তি, নিৰাপদ, মাৰিমৰকৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্য এই অনুষ্ঠান আয়োজন কৰা বুলি জনাইছে আয়োজকসকলে।