![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/uuuu_5.jpg?itok=fIO-AP3k)
গহপুৰঃ এনআৰচিৰ শুনানিৰ বাবে যোৱাটোৱেই কাল হ'ল গহপুৰ বৰঝহা বাৰীৰ ৰক্মিনী ছেত্ৰী নামৰ স্বামীহাৰা এগৰাকী দুৰ্ভগীয়া দৰিদ্ৰ মহিলাৰ বাবে। এনআৰচিৰ শুনানিৰ বাবে তিনিচুকীয়া জিলালৈ জাগুন নৈশ বাছত যাত্ৰা কৰি থকাৰ অৱস্থাত খনামুখ ৰেল ক্ৰচিংৰ সমীপত যাত্ৰী সকল বাহিৰলৈ যাবৰ বাবে বাছখন কিছু সময় ৰখাইছিল আৰু আন যাত্ৰী সকলৰ দৰে উক্ত মহিলা গৰাকীও নামি গৈছিল বাছখনৰ পৰা আৰু দুৰ্ভাগ্যঃবশত বিপৰীত দিশৰ পৰা অহা এখন স্কুটীয়ে মহিলা গৰাকীক তীব্ৰ বেগত খুন্দিওৱাৰ ফলত মহিলা গৰাকীয়ে মৃত্যুক আকোৱালি লয়।
অতি দৰিদ্ৰ পৰিয়ালৰ মহিলা গৰাকী গহপুৰৰ বাকৰিদলনী বৰজহাবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ত ৰান্ধনিৰ কাম কৰি বিশেষ ভাবে সক্ষম পুত্ৰৰ সৈতে সংসাৰ চলাই নিজৰ জীৱন অতিবাহিত কৰিছিল।আনহাতে দুটি পুত্ৰ দৰিদ্ৰ ঘৰ খনক আৰ্থিক ভাৱে সকাহ দিয়াৰ স্বাৰ্থত সুদূৰ বেংগলুৰুত কৰ্মৰত। মহিলা গৰাকীৰ মৃত্যুৱে প্ৰমাণ কৰিছে এনআৰচিৰ নামত কিদৰে হাৰাশাস্তি খাই মৃত্যুকো সাৱতিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে।
মাতৃৰ অৱৰ্তমানত বিশেষ ভাবে সক্ষম পুত্ৰৰ কি অৱস্থা হ'ব তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে সমগ্ৰ ঘটনাটোত মহিলা গৰাকী নিহত হোৱা স্থানৰ অন্তৰ্গত চাৰিদুৱাৰ থানাই মৃতদেহটি মৰোণোত্তৰ কাৰ্য সম্পন্ন কৰি পৰিয়ালৰ সৈতে যোগাযোগ কৰি চমজাই দিয়ে। এতিয়া স্থানীয় ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে যে যিহেতু এন আৰ চিৰ শুনানিৰ বাবে যাঁওতেই মৃত্যুক আকোৱালি ল'লে সেইবাবে পৰিয়ালকটিক সহায়ৰ দাবী তোলাৰ লগতে উক্ত বিদ্যালয়খনৰ ৰান্ধনিৰ দায়িত্বটো তেখেতৰ বোৱাৰীয়েকক দিব লাগে বুলি চৰকাৰক স্থানীয় লোকে দাবী জনাইছে।