10/19/2021 - 18:24
in
নলবাৰীঃ সামজিক মাধ্যমত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ নবী হজৰত মহম্মদক অপমান কৰি বিতৰ্কৰ মাজত সত্যৰঞ্জন বৰা। তাৰ পিচতে তোলপাৰ লাগে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত। সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি নলবাৰী জিলাৰ অন্তৰ্গত মুকালমুৱা থানাত এজাহাৰ দাখিল কৰে বাঘ হাজৰিকা ঐক্য মঞ্চ আৰু বৰক্ষেত্ৰীৰ সচেতন ৰাইজে।
সত্যৰঞ্জন বৰাই বিভিন্ন সময়ত ইছলাম ধৰ্মক লক্ষ্য কৰি সামাজিক মাধ্যমত বিভিন্ন ধৰনৰ কটু মন্তব্য কৰি আহিছে বুলি দাবী কৰে বৰক্ষেত্ৰীৰ সচেতন ৰাইজ আৰু বাঘ হাজৰিকা ঐক্য মঞ্চই। এনেকৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে আজি মুকালমুৱা থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সচেতন ৰাইজ আৰু বাঘ হাজৰিকা ঐক্য মঞ্চই। সত্যৰঞ্জন বৰাক আৰক্ষীয়ে যদি অতিসোনকালে আটক কৰিব নোৱাৰে তেনেহলে পৰবৰ্ত্তী সময়ত বাঘ হাজৰিকা ঐক্য মঞ্চই জংগী আন্দোলন কৰিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে।