10/19/2021 - 20:00
in
মানকাচৰঃ খোপাতীয়া বজাৰখনৰ সভাপতি আৰু সম্পাদকৰ পৰিচয় দি ইমান আলী বেপাৰী আৰু ছামছুল হক নামৰ দুজন ব্যক্তিয়ে উক্ত বজাৰৰ মাটিত পূৰ্বৰে পৰা দোকান কৰি থকা কেইজনমান দোকানীক দোকান কৰা মাটিখিনি সিহঁতৰ নামত কৰি দিয়াৰ নামত টকা সংগ্ৰহ কৰি দলিলত খোপাতীয়া বজাৰৰ বাহিৰৰ মাটিৰ দাগ নাম্বাৰ বহুৱাই দোকানীৰ নামত চুক্তি পত্ৰ কৰি দিয়ে৷ শেহতীয়াকৈ খোপাতীয়া বজাৰৰ দোকানী নাজমুল হক কৰিমে সমগ্ৰ ঘটনাটো জানিব পাৰি সোমবাৰে সুখচৰ থানাত এজাহাৰ দাখিল কৰি বজাৰৰ মাটি আৱণ্টন দিয়া ইমান আলী বেপাৰী আৰু ছামছুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷
এজাহাৰত উল্লেখ কৰা অভিযোগ মতে দালাল দুজনে চুক্তি পত্ৰ কৰি দিয়া দগ নাম্বাৰৰ মাটি বৰ্তমানো বৰাইটাৰী গাঁৱৰ এজন ব্যক্তিৰ নামত নথিভুক্ত হৈ আছে৷ আৰু জালিয়াৰ তথ্য পোহৰলৈ আহাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় বজাৰখনৰ দোকানীৰ মাজত৷ একাংশ দোকানী আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক কৰায়ত্ত্ব কৰিবলৈ দাবী জনায়৷ এতিয়া প্ৰশ্ন হয়, এখন বজাৰৰ সভাপতি আৰু সম্পাদকে কেনেকৈ আৰু কাৰ বলত বলীয়ান হৈ বজাৰৰ মাটি আৱণ্টন দিয়াত নামিছে৷ আৰক্ষী তদন্তৰ পিছতে পোহৰলৈ আহিব সমগ্ৰ ঘটনা৷