10/19/2021 - 20:26
in
নিউজ ডেস্কঃ গোৱাত অসমীয়াগিৰী। অসমৰ ইণ্টৰীয়াৰ ডিজাইনাৰ কৰিশ্মা কাকতিয়ে গোৱাত মুকলি কৰিলে KA BESPOKE। মূলত অসম অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমল আৰু কৃষ্টি সংস্কৃতিৰ আধাৰত মুকলি কৰা হল KA BESPOKE। গোৱাৰ সাগৰৰ পাৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হ’ল KA BESPOKE। অসমৰ বাঁহ, গামোচা আৰু অন্যান্য আৰ্হিৰে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী উপলব্ধ হ’ব KA BESPOKE ত।
অসমৰ আগশাৰীৰ ইন্টাৰীয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিৰ এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে। KA BESPOKEয়ে সাজি উলিওৱা বিভিন্ন সামগ্ৰীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমল আৰু কৃষ্টিক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ সহায়ক হব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত অসমৰ লগতে গোৱাৰ বিভিন্ন চৰকাৰী বিষয়া সমাজৰ বহু আগশাৰীৰ ব্যক্তি উপস্থিত থাকে।