10/22/2021 - 14:40
in
নিউজ ডেস্কঃ একেটা মাহতে দুবাৰকৈ শদিয়াত উপস্থিত ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ যোৱা ৪ অক্টোবৰ তাৰিখে শদিয়াৰ এখন বিশেষ সভাত জনতাৰ আগত আজিৰ দিনটোত শদিয়াৰ ঐতিহাসিক বুঢ়া-বুঢ়ী শালত আয়োজন কৰা বৰ পূজাত উপস্থিত থকাৰ কথা ঘোষণা কৰাৰ পিছতে পুৱাই আহি শদিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী৷
ৰাজ্যৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতি শদিয়াত উপস্থিত হৈয়ে বুঢ়া-বুঢ়ী শালত ৰাজ্যৰ জনতাৰ মংগলৰ বাবে সেৱা জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে উপ নিৰ্বাচনতো বিজেপিৰে জয় হ’ব৷ লগতে ৰাজ্যৰ পৰিস্থিতি পূৰ্বতকৈ উন্নত আৰু পৰিবৰ্তন হৈছে বুলিও মন্তব্য কৰে৷ আনহাতে আলফা চৰকাৰৰ আলোচনা সন্দৰ্ভত আলফাৰ সৈতে চৰকাৰৰ আলোচনাৰ প্ৰক্ৰিয়া চলি আছে৷
যিহেতু আলোচনা প্ৰক্ৰিয়াটো দীঘলীয়া, আৰু এই প্ৰক্ৰিয়া শান্তিপূৰ্ণ, শৃংখলাবদ্ধতাৰে আগবাঢ়ি আছে বুলি জানিবলৈ দিয়ে৷ শদিয়াত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক বলিন চেতিয়া, সাংসদ প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা আদি৷ শদিয়াৰ পৰা পুনে পুনে মূখ্যমন্ত্ৰী গৰাকী নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাউনা মৰিয়নিলৈ৷