10/24/2021 - 12:36
in
কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকপথাৰ তিনিআলি সমীপৰ ভাৰত সঞ্চাৰ নিগম লিমিটেড কেন্দ্ৰৰ গাতে লাগি থকা এখন দোকানত নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড৷ নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে জ্বলি চাই হৈ যায় শিৰোমণি মৰাণ নামৰ মালিকাধীন দোকানখন৷ নিশাই ডুমডুমাৰ পৰা অহা তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ অহৰহ প্ৰচেষ্টাৰ ফলত সক্ষম হয় জুই নিৰ্বাপন কৰিবলৈ৷ উক্ত অগ্নিকাণ্ডৰ ফলত দোকানসহ দোকানৰ সামগ্ৰী সমপূৰ্ণৰূপে জাহ যায় যদিও কোনো লোক হতাহত হোৱা নাই৷
বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ উল্লেখনীয় স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দোকানখনত অবৈধভাৱে বৃহৎ পৰিমাণৰ পেট্ৰলজাত সামগ্ৰী মজুত কৰি ৰাখিছিল যাৰ ফলত জুইয়ে ভয়ংকৰ ৰূপ লয়৷ গুৰুত্বপূৰ্ণ বিষয় যে বৃহত্তৰ কাকপথাৰ অঞ্চলত কোনো ধৰণৰ পেট্ৰল ডিপো নথকাৰ সুযোগ গ্ৰহণ কৰি এচাম ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা অবৈধভাৱে চোৰাং কণ্ডেনচেট, পেট্ৰল, ডিজেলৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ ইয়াৰ বিৰুদ্ধে প্ৰশাসনেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ অনাগত সময়ত এনে ব্যৱসায় আৰু ব্যৱসায়ীৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যনীয় হ’ব?