10/24/2021 - 12:45
in
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটৱৰ্তী কামাৰপাৰৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক পৰমেশ্বৰ ডেকালৈ উপহাৰ হিচাপে এখনি মূল্যবান গ্ৰন্থ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গ্ৰন্থখনৰ লগতে মুখ্যমন্ত্ৰীয়ে ডেকালৈ প্ৰেৰণ কৰিছে এখন পত্ৰও। অনিৰ্বাণ গাংগুলী আৰু শিৱানন্দ দ্বিবেদীৰ দ্বাৰা ৰচিত আৰু হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ভাষালৈ অনুবাদ কৰা "অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি" শীৰ্ষক গ্ৰন্থখন যোৱা ৬ ছেপ্টেম্বৰত দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰমেশ্বৰ ডেকালৈ প্ৰেৰণ কৰিছিল।
শুকুৰবাৰে উক্ত গ্ৰন্থখন ডাকযোগে লাভ কৰে পৰমেশ্বৰ ডেকাই। ডাক-টোপোলাটো খুলি পৰমেশ্বৰ ডেকাই আচৰিত হোৱাৰ লগতে আনন্দিত হয়। টোপোলাটোৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুবাদ কৰা এখন গ্ৰন্থ আৰু তেওঁৰেই সাক্ষৰিত এখন পত্ৰ। মুখ্যমন্ত্ৰীৰ পত্ৰখন পঢ়ি পৰমেশ্বৰ ডেকাই আপ্লুত হৈ পৰে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে কামাৰপাৰাৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক পৰমেশ্বৰ ডেকা আৰু তেখেতৰ উচ্চ শিক্ষিতা পত্নী জয়া বৰগোহাঁয়ে সৰ্থেবাৰী অঞ্চলৰ লগতে বৰপেটা জিলাত কৃষি বিল্পৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে। ২০১৭ চনত মুখ্যমন্ত্ৰীয়ে পৰমেশ্বৰ ডেকাক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা।
ঋতুকালীন বিভিন্ন পাচলি খেতিৰ লগতে বিভিন্ন প্ৰজাতিৰ ধান, সৰিয়হৰ খেতি কৰিও স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁইয়ে। যোৱা কেইবা বছৰ ধৰি নিজৰ কৃষিভূমিত ষ্ট্ৰবেৰীৰ খেতি কৰিও স্বাৱলম্বী হৈছে কৃষক দম্পতীয়ে। এইবাৰো মণিপুৰী ব্লেক ৰাইচৰ লগতে গ্ৰীন ৰাইচৰ খেতিও কৰিছে পৰমেশ্বৰ ডেকাই।
এইবেলি হালধীয়া ফুলকবি, মিঠা বিলাহীৰো খেতি কৰিছে কৃষকগৰাকীয়ে। ঘৰতেই প্ৰস্তুত কৰা জৈৱিক সাৰ খেতিত প্ৰয়োগ কৰাৰ বাবে কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঁই অঞ্চলটোৰ এতিয়া এক পৰিচিত নাম হৈ পৰিছে। পৰমেশ্বৰ ডেকাই অসমৰ উপৰিও বিভিন্ন ৰাজ্যত কৃষি সম্পৰ্কীয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।