10/24/2021 - 13:04
in
টীয়কঃ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰি ৰখাৰ অন্যতম এটা মাধ্যম হ’ল ক্ষুদ্ৰ চাহ খেতিয়কসকল৷ এই ক্ষুদ্ৰ চাহ উদ্যোগটোৰ লগতেই ৰাজ্যৰ বহু হাজাৰ হাজৰ শিক্ষিত নিবনুৱাই নিজক সংস্থাপিত কৰিছে৷ এই উদ্যোগটোলৈ বিভিন্ন সময়ত বিভিন্ন ধৰনৰ জটিলতা আহিছে৷ কেতিয়াবা যদি বেছি খৰাঙৰ বাবে পাতৰ উৎপাদন নাই৷ কেতিয়াবা আকৌ পাতৰ দামৰ অভাৱত ৰাস্তাতে পলাইছে পাত৷
কেঁচাপাতৰ উচিত মূল্য বিচাৰি হাহাকাৰ কৰিবলগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে৷ এই সকল ক্ষুদ্ৰ কৃষকৰ অভিযোগ, ভাৰতীয় চাহ নিগমে নিৰ্ধাৰিত কৰি দিয়া প্ৰতি কিলোত প্ৰায় ২৬ টকাৰ পৰিবৰ্তে কিন্তু আজি ফেক্টৰী সমূহে যোৰহাট জিলাত কৃষকসকলক ১১/১২ টকা কৈহে মূল্য দিছে যাৰ ফলত ভীষণ লোকচানৰ সন্মুখীন হৈছে এইসকল ক্ষুদ্ৰ চাহ খেতিয়ক৷
ভাৰতীয় চাহ নিগমৰ নিৰ্ধাৰিত মূল্য কিয় এই সমূহ ফেক্টৰীয়ে নামানে। কিয় উচিত মূল্য কৃষকক দিয়া নহয় তাৰ এটা তদন্ত কৰি খেতিয়কক উচিত মূল্য প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে এই হাজাৰ হাজাৰ নিবনুৱা সংস্থাপিত হৈ থকা এই উদ্যোগটোক কৰিবলৈ ৰাজ্যচৰকাৰলৈ আহ্বান এই সকল ক্ষুদ্ৰ চাহ খেতিয়কৰ৷