বাক্সাৰ শালবাৰী মহাবিদ্যালয়ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী

 10/24/2021 - 16:44
 
 
শালবাৰীঃ বাক্সাৰ শালবাৰী মহাবিদ্যালয়ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী। মূল্যবৃদ্ধি এটা গুৰুত্বপূৰ্ণ বিষয়৷ নিশ্চিতভাৱে ইয়াৰ ওপৰত সিদ্ধান্ত এটা হ’ব৷ মূল্যবৃদ্ধি কমাব নোৱাৰে৷ কিন্তু অদলবদল কৰি কিবা এটা কৰিব পাৰে। অত্যন্ত আৱশ্যকীয় সামগ্ৰী বিলাকৰ মূল্যবৃদ্ধি হ’লে সৰ্বসাধাৰণ ৰাইজৰ চলিবলৈ অসুবিধা হয়৷ পেট্ৰ’ল ডিজেল যিহেতু মানুহৰ বাবে অত্যন্ত জৰুৰী হৈ পৰিছে তাৰ দাম কমাব গ’লে মদ, চাদা আদিৰ দাম বঢ়াব লাগিব।
 
 
যিহেতু ৰদবদল কৰিব লাগিব৷ নহ’লে চৰকাৰে টেক্স কৰপৰা পাব৷ ১৫০%টেক্স লোৱা হয় চিগাৰেট বিড়িত৷ মদ নোখোৱাকৈ বিড়ি নোখোৱাকৈ মানুহ জীয়াই থাকিব পাৰে৷ আৰু যিয়ে মদ বিড়ি খায় তেওঁলোকৰ “মাল”(টকা)আছে চৰকাৰৰ দৃষ্টিভংগীত। তেওঁলোকৰ পৰাই কালেক্ট কৰা যায়৷ গতিকে এফালে সহায় কৰিলে এফালে বন্ধ কৰি দিব লাগিব। ক’ভিড বৃদ্ধিক লৈ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য। নিৰ্বাচনী সভাত মানুহৰ সমাগম হলে ক’ভিড বৃদ্ধি হোৱাটো খাটাং। দহজনে একেলগে জীলাপি খালে তিনিজনৰ ক’ভিড হোৱাটো স্বাভাৱিক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।