গহপুৰত আজব কাণ্ডঃ চৰকাৰী আবাসগৃহ নোপোৱাকৈয়ে আহিল চৰকাৰী আৱাসগৃহ প্ৰাপ্তিৰ প্ৰমাণ পত্ৰ

 10/25/2021 - 13:15
 
 
 
 
 গহপুৰঃ গহপুৰত আজব ঘটনা। চৰকাৰী আৱাসগৃহ পোৱাৰ নামত চলিছে ভেকুভাওনা। জানিব পৰা মতে, গহপুৰ হাজৰিকাচুক গাঁৱৰ এজন হিতাধিকাৰীয়ে ২০১৮ চনতে সম্পূৰ্ণ নথি-পত্ৰ বিভাগীয় কৰ্তৃপক্ষক জমা দিছিল এটি চৰকাৰী আৱাসগৃহৰ বাবে।
 
 
কিন্তু আজিকোপতি চৰকাৰী আৱাসগৃহ নাপালে হিতাধিকাৰী গৰাকীয়ে। ইয়াৰ পৰিবৰ্তে হিতাধিকাৰী গৰাকীলৈ আহিল এখন আৱাসগৃহপ্ৰাপ্ত প্ৰমাণপত্ৰ। পৰৱৰ্তী সময়তহে ওলাব প্ৰকৃত হিতাধিকাৰীসকলে চৰকাৰী আৱাসগৃহ পাবলৈ সক্ষম হ'বনে? নে এনেধৰণেৰে এখন প্ৰমাণ পত্ৰৰে সামৰণি মাৰিব বিভাগীয় দায়িত্ব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।