বিহালীত বন্যহস্তীৰ তাণ্ডৱঃ নিশা উজাগৰে কটাবলগীয়া হৈছে বহুকেইখন গাঁৱৰ ৰাইজ

 10/25/2021 - 13:30
 
 
 
 
বিহালীঃ নিশা হোৱাৰ লগে লগে বন্যহস্তীয়ে তাণ্ডব সৃষ্টি কৰা বিহালীৰ নাচবৰ, ৰৌমাৰী, ৰাংছালী, বতিয়ামাৰিকে আদি কৰি বহুকেইখন গাঁৱত যাৰ বাবে স্থানীয় ৰাইজ আতংকিত হোৱাৰ লগতে নিশা উজাগৰে কটাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। বনবিভাগে হাতীখেদাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে গঞাই৷ আজি বহুদিনৰ পৰাই বিহালীৰ বিভিন্ন অঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিহালী বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে শ শ হেক্টৰ কৃষিভূমিত প্ৰৱেশ কৰি পকা ধান খাই তহিলং কৰাত মূৰে-কপালে হাত দিবলগা হৈছে কৃষক ৰাইজে৷
 
 
যাৰবাবে স্থানীয় ৰাইজ হাতী খেদিবলৈ কোনো ধৰণৰ সামগ্ৰী অবিহনেই সম্পূৰ্ণ  নিশা পহৰা দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বন্যহস্তীৰ জাকে ইমান উপদ্ৰৱ চলোৱাৰ পিছতো বনবিভাগৰ লোকে আজি পৰ্যন্ত এই হাতীৰ জাকটোক পুনৰ বনাঞ্চলত খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। যাৰ বাবে এতিয়া দৰিদ্ৰ কৃষক ৰাইজ নিজৰ জীৱনৰ কথা চিন্তা নকৰি নিজৰ খেতিৰ কথা নিজে চিন্তা কৰি নিশা নিশা উজাগৰে থাকি পহৰা দিবলগীয়া হৈছে।
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।