মাজুলীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত বিক্ষোভ কাৰ্যসূচী

 10/25/2021 - 14:31
                    
 
মাজুলীঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই জিলা সদৰ গড়মুৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত দুই ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্যকুমাৰ ভূঞাই বান্ধ লবীৰ ওচৰত আঁঠু লোৱা  কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷
 
 
প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য আগবঢ়াই আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামী, জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, সাধাৰণ সম্পাদক বিতোপন শৰ্মা, উপসভাপতি দীপক নেওগ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞা, সম্পাদক পবিত্ৰ বৰা, সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰা, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক ছেত্ৰী, সম্পাদক গোপাল ৰায় উপস্থিত থাকি বক্তব্য ৰাখি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷
 
 
মাজুলীৰ প্ৰায় দুই শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰি “বান্ধল’বীৰ ওচৰত আঁঠু লোৱা কেন্দ্ৰীয় চৰকাৰ হায় হায়” "অসম চৰকাৰ হায় হায়", "এন এইচ পি চি’ গৌ বেক", "এন এইচ পি চিৰ মইমতালি নচলিব" আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।