গহপুৰত শাৰীৰিক ৰোগত আক্ৰান্ত এটি কণমানি শিশুঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ বাবে কাতৰ আহ্বান

 10/25/2021 - 18:56
 
 
 
 
গহপুৰঃ বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ কলাবাৰী পঞ্চায়তৰ পূৱ পালেংগুৰি অতি দৰিদ্ৰ পৰিয়ালৰ নিবাসী উৎপল বৰা আৰু পৰিস্মৃতা বৰাৰ পুত্ৰ অবিনাশ বৰা নামৰ কণমানি শিশুটো জন্মলগ্নৰে পৰা শাৰিৰীক অক্ষমতা চটফটাই থাকিব লগা হৈছে। পৰিয়ালৰলোকে শিশুটিৰ চিকিৎসা বাবদ ঘৰৰ সকলো সম্পদ তথা আ-অলংকাৰ বিক্ৰী কৰি লখিমপুৰ লালুক চিকিৎসালয়, চাৰিআলি এখন ব্যক্তিগত চিকিৎসালয়, তেজপুৰ, গুৱাহাটীৰ GMCH লৈ নিছিল যদিও ধনৰ অভাৱত আধা চিকিৎসা কৰায়ে ঘৰলৈ ঘূৰাই আনিব লগা হয়।
 
 
পৰিয়ালটোৰ অথনৈতিকভাৱে আৰ্থিক অৱস্থা অনাটনৰ বাবেই সন্তান তথা নাতিৰ এনে শাৰিৰীক অক্ষমতা ৰোগত দৰিদ্ৰ পৰিয়ালটো দুখত ভাগি পৰা দেখা পোৱা গৈছে। এতিয়া পৰিয়ালটোৰ একমাত্ৰ ভৰষাৰ স্থল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শিশুটোক সুস্থ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিহিত প্ৰদক্ষেপ গ্ৰহণৰ বাবে কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। শিশুটোক সুস্থ কৰাৰ ক্ষেত্ৰত বহু ধনৰ প্ৰয়োজন। পিতৃ-মাতৃ, ককা-আইতাককে আদি কৰি পৰিয়ালৰ লোকে কোনো হৃদয়বানলোকে সহায় সহযোগ আগবঢ়ায় কণমানি কিশোৰজনক জীয়াই ৰখাৰ বাবে কাতৰেৰে অনুৰোধ জনাইছে।State Bank of India Acct Holder -Mrs. Parismita Saikia Borah Account no - 40110692827  IFSC - SBIN0009140 যোগাযোগৰ নম্বৰ: 6361425806.
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।