জামুগুৰিহাটৰ নবিল নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে শংকৰী সংস্কৃতিৰে ভাওনা অনুষ্ঠিত

 10/26/2021 - 13:53
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ নবিল নামঘৰত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় ভাওনা৷ মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ নবিল শাখাৰ উদ্যোগত অনুষ্ঠিত এই ভাওনাৰ দুই নিশা অনুষ্ঠিত হয় "হংস ধ্বজৰ শাপ মুক্তি হিৰাদত্য বধ" নামৰ আকৰ্ষণীয় নাটভাগ৷ দিনটোৰ বিভিন্ন কাৰ্য্যসূচীৰ অন্তত নিশা অনুষ্ঠিত ভাওনাত অঞ্চলটোৰ সকলো শ্ৰেণী ৰাইজৰ অংশগ্ৰহণ আছিল উল্লেখনীয়৷
 
 
চৰকাৰী সকলো নীতি-নিয়ম মানি অনুষ্ঠিত কৰা এই ভাওনাৰ সোমবাৰে সফলৰূপে সম্পন্ন হয়৷ সোমবাৰে দুপৰীয়া নামঘৰ প্ৰাংগনত ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ অনুষ্ঠিত কৰে৷ ভাওনাৰ দ্বিতীয় দিনাৰ সকলো কাৰ্যসূচীত ৰাইজৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ শাখাৰ বিষয়া সদস্যসকলে৷ ইয়াৰোপৰি নবিল অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী গোপাল কোঁছ আৰু মহেন্দ্ৰ কোঁছৰ পৰিয়ালবৰ্গই ভাওনাত প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ পুৰস্কাৰে সন্মান লাভ কৰা সকলক এখনি ফুলাম গামোছা, নগদ ধন আৰু প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনায় তেওঁলোকৰ উৎজ্জ্বল ভৱিষ্যত কামনা কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।