পাঁচমাহে সন্ধান নাই দৌলাশালৰ আৰক্ষী জোৱান মুন ডেকাৰঃ পুত্ৰৰ ফটো বুকুত সাবটি দিন কটাইছে দুৰ্ভগীয়া মাতৃয়ে

 10/26/2021 - 14:25
 
 
 
পূৱ বৰপেটাঃ অসম আৰক্ষীৰ এগৰাকী জোৱান বিগত পাঁচ মাহে নিৰুদ্দেশ হৈ থকাত জোৱানজনৰ পৰিয়ালৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে৷ নলবাৰী জিলাৰ দৌলাশাল গাঁৱৰ আনন্দ ডেকাৰ বৰ পুত্ৰ তথা কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ জোৱান মুন ডেকা যোৱা ২ জুনৰ পৰা নিৰুদ্দেশ হৈ থকাত অনিশ্চয়তাৰে দিন পাৰ কৰিছে পৰিয়ালৰ লোকে৷
 
যোৱা ২ জুনত গুৱাহাটীৰ ওদালবাক্ৰাৰ ভাড়াঘৰৰ পৰা মুন ডেকাই AS-14L-5156 নম্বৰৰ স্কুটি বাহনখনেৰে ওলাই আহি আজি পৰ্য্যন্ত উভতি নোযোৱাত পত্নী আৰু দৌলাশালৰ পিতৃগৃহত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে৷
 
পুত্ৰ নিৰুদ্দেশ হৈ থকাত দুৰ্ভগীয়া মাতৃয়ে পুত্ৰৰ ফটো বুকুত সাবটি হুমুনিয়া কঢ়িয়াই ফুৰিছে৷ প্ৰায় ১২ বছৰ পূৰ্বে চতুৰ্থ অসম আৰক্ষী বাহিনীত যোগদান কৰা মুন ডেকাই পত্নী, পুত্ৰ আৰু ৮ মহীয়া কন্যা সন্তানক এৰি নিৰুদ্দেশ হৈ পৰাত উজাগৰে নিশা কটাইছে মুন ডেকাৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে৷
 
নিৰুদ্দেশ হোৱাৰ প্ৰায় পোন্ধৰ দিন পূৰ্বে দৌলাশালৰ গৃহলৈ অহা মুন ডেকা নিৰুদ্দেশ সংক্ৰান্তত পৰিয়ালৰ লোকে ওদালবাক্ৰা আৰক্ষী চকীত লিখিতভাৱে অৱগত কৰাইছে যদিও ওদালবাক্ৰা আৰক্ষীয়ে জোৱানজনৰ এই পৰ্য্যন্ত কোনো শুংসূত্ৰ উলিয়াব পৰা নাই৷ নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা মুন ডেকাৰ মোৱাইল ফোনটোও বন্ধ হৈ আছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে৷ নিৰুদ্দিষ্ট জোৱানজনৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত জোৱানজনৰ পিতৃ-মাতৃয়ে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ হস্তক্ষেপ বিচাৰিছে ৷ নিৰুদ্দিষ্ট মুন ডেকাৰ কোনো সদাশয় লোকে সম্ভেদ পালে পৰিয়ালৰ 6003979686 নম্বৰত যোগাযোগ কৰিবলৈ অথবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।